অসমঅসমীয়া

কোৰোনাত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্ক। কোভিড-১৯ত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ।

মঙ্গলবাৰে তেওঁ কোভিড আক্ৰান্ত হোৱাৰ বিষয়ে টুইটযোগে জানিবলৈ দিয়ে।

Gaurav-Gogoi-MP-addressing-a-press-conference-at-Rajiv-Bhawan-in-Guwahati-on-27-10-21-Pix-by-UB-Phot

কংগ্ৰেছ নেতা গৰাকীৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ থকাৰ লগতে বৰ্তমান তেওঁ হোম আইশ্যলেচনত থকা বুলি জানিবলৈ দিয়ে।

কোভিড আক্ৰান্ত হোৱাৰ বিষয়ে টুইটযোগে জানিবলৈ দি গৌৰৱ গগৈয়ে কয়, “মোৰ কোভিড-১৯ৰ পৰীক্ষা ৰিজাল্ট পজিটিভ আহিছে। মই প্ৰয়োজনীয় সময়ৰ বাবে নিজকে পৃথক কৰি ৰাখিছোঁ। মোৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ আছে।

যোৱা কেইদিনমানৰ পৰা মোৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁলোকৰ লক্ষণবোৰ পৰ্যবেক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ।”

লগতে চাওকঃ

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

G10

Leave a Reply

Your email address will not be published. Required fields are marked *