অসম

ঈদক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা, অমান্য কৰিলে ব্যৱস্থা লোৱাৰ নিৰ্দেশ…

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন। ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত অসম চৰকাৰৰ জৰুৰী নিৰ্দেশনা।

এই ঈদক সময়ত নীতি-বহিৰ্ভূতভাৱে জীৱ-জন্তুৰ কােৰবানিৰ ক্ষেত্ৰত এইবাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

বে-আইনীভাৱে পশুধনৰ সৰবৰাহ আৰু জীৱ-জন্তুৰ হত্যা কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।

p1 3

প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে গৃহ বিভাগে।

যােৱা ৪ জুলাই তাৰিখে জাৰি কৰা এই নিৰ্দেশনাত গৃহ বিভাগৰ যুটীয়া সচিবে স্বাক্ষৰ কৰিছে।

ঈদৰ সময়ত গাে সুৰক্ষা আইন ভংগ কৰি গৰু সৰবৰাহৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

অবৈধভাৱে গৰু সৰবৰাহ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।

উল্লেখ্য যে যােৱা ৭ জুন তাৰিখে ভাৰত চৰকাৰৰ ভাৰতীয় পশু কল্যাণ পৰিষদ, মীন পালন, পশুপালন আৰু দুগ্ধজাত ৰক্ষা মন্ত্ৰণালয়ৰ সচিবে এই সন্দৰ্ভত সকলাে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

ক্ৰমাংকঃ 9-2/2019-20/PCA পত্ৰখনত ঈদৰ সময়ছােৱাত অবৈধভাৱে পশুধন নিধন, গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছিল।

image 79

মুখ্য সচিবলৈ কেন্দ্ৰীয় পশু কল্যাণ পৰিষদে প্ৰেৰণ কৰা পত্ৰ

এই পত্ৰখনত ওপৰত ভিত্তি কৰিয়েই অসম চৰকাৰেও সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে।