কেৰালাৰ পৰা গ্ৰেপ্তাৰ কাজিৰঙাৰ গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড ‘নালকো’ক

কেৰালাৰ পৰা গ্ৰেপ্তাৰ অসমৰ চোৰাং গঁড় চিকাৰী

২০২২ৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰৰে জড়িত এজন চোৰাং চিকাৰীক কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

৩৬ বছৰীয়া দুৰ্ধৰ্ষ চোৰাং চিকাৰী বিশ্বনাথ জিলাৰ চতিয়াৰ মিলনপুৰৰ আছমত আলী ওৰফে নালকোক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শেহতীয়াকৈ গঁড়ৰ চোৰাং চিকাৰৰ গোচৰত জড়িত থকাৰ কথা নিশ্চিত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, অভিযুক্তজনক অতি শীঘ্ৰেই অধিক তদন্তৰ বাবে অসমলৈ ঘূৰাই অনা হ’ব।

চোৰাং চিকাৰী জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কেৰালা আৰক্ষীক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছিল বছৰটোৰ প্ৰথম গঁড় হত্যাৰ ঘটনা। উদ্যান কৰ্তৃপক্ষৰ অনুসন্ধানৰ পিছত, ২৫-৩০ বছৰীয়া গঁড়টোৰ বন্দুকৰ গুলীত মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছিল।

লক্ষণীয়ভাৱে, যোৱা কেইবছৰমানত অসমত গঁড়ৰ চোৰাং চিকাৰ যথেষ্ট হ্ৰাস পাইছে। ২০১৩ আৰু ২০১৪ চনত চোৰাং চিকাৰীৰ দ্বাৰা ২৭টা গঁড় হত্যা কৰা হৈছিল। কিন্তু ২০২১ চনত এই সংখ্যা মাত্ৰ এটালৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ তিনি গঁড় চিকাৰীৰ সন্ধান দিলে প্ৰতিজনৰ বিপৰীতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰু খড়্গসহ গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

Leave a Comment