কেবিনেট বৈঠকঃ এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তিৰ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত।

শুক্ৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কেবিনেটৰ বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞা পত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যাণার্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে আদি কৰি আমি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনেটত তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে বিশেষ ব’ৰ্ড গঠনৰ লগতে এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰো সিদ্ধান্ত লোৱা হয়।

লগতে এটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষক আৰু অৱসৰ বা দীৰ্ঘদিনৰ বাবে ছুটীত গ’লে বিদ্যালয় প্ৰধানে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটোকো অনুমোদন জনোৱা হয়।

অতিথি শিক্ষকসকলক ১০হাজাৰ টকাকৈ পাৰিতোষিক দিব চৰকাৰে।

এই ক্ষেত্ৰত মন্ত্ৰী ৰণোজ পেগুৱে টুইট কৰি জানিবলৈ দিয়ে যে, এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে অৱসৰপ্ৰাপ্ত শিক্ষকেও শিক্ষকতা কৰিব পাৰিব।

কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা বিদ্যালয়সমূহত অস্থায়ীভাৱে খালী হোৱা পদৰ বিপৰীতে অৱসৰপ্ৰাপ্ত যোগ্য ব্যক্তিক বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে নিযুক্তি দিব পাৰিব।

ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত যাতে কোনোধৰণৰ বাধা নাপাই, সেই উদ্দ্যেশ্যেই চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে শিক্ষা মন্ত্ৰীয়ে।

Leave a Comment