কেবিনেটৰ সিদ্ধান্তঃ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ইমান গৰাকী শিক্ষাৰ্থীয়ে পাব ১৬০০০ টকাকৈ…

জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত।

বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

ইয়াৰ ভিতৰত পূৰ্বৰ পৰা চলি অহা আনন্দৰাম বৰুৱা বঁটাত লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক লেপটপৰ সলনি নগদ ধন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

লেপটপৰ পৰিৱৰ্তে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণই পাব নগদ ১৬ হাজাৰকৈ টকা।

ৰাজ্যৰ ২২৫৬৫ গৰাকীয়ে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি।