বিতৰ্কই লগ এৰা নাই অসম সাহিত্য সভা নাৰায়ণপুৰ অধিবেশনৰ।
এইবাৰ সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সুৰাপায়ী কৰ্মকৰ্তাৰ উদ্ভণ্ডালি।
নিমন্ত্ৰিত সাংস্কৃতিক শিল্পীৰ দলক অশ্লীল গালি-গালাজ কৰি মঞ্চৰ পৰা নমাই দিয়াৰ অভিযোগ।
জানিব পৰা অনুসৰি অনুষ্ঠান পৰিবেশন কৰি থকা অৱস্থাতে শিল্পীক টনা আজোৰা কৰি মঞ্চৰ পৰা নমাই দিলে একাংশ সুৰাৰ ৰাগীত মাতাল কৰ্মকৰ্তাই।
তেজপুৰৰ সৃজনে সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে মঞ্চত অনুষ্ঠান পৰিবেশন কৰাৰ ১০ মিনিট পিছতেই একাংশ মহিলা শিল্পীক মঞ্চৰ পৰা টানি আজুৰি নমাই দিয়াৰ অভিযোগ সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী মিতালী দত্তৰ৷
এনে ঘটনাৰ পিছতে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসমৰ অন্যতম জাতীয় অনুষ্ঠান অসম সাহিত্য সভা।









