অসম

কিমান দিনৰ ছুটী লাভ কৰিব ক’ভিড আক্ৰান্ত চৰকাৰী কৰ্মচাৰীয়ে? কেবিনেটে ল’লে সিদ্ধান্ত…

ক’ৰ’ণাত আক্ৰান্ত হ’লেই এতিয়াৰে পৰা আৰু নাপব অনিৰ্দিষ্টালীন ছুটী।

কেবিনেটে নিৰ্ধাৰণ কৰিলে ক’ৰ’ণা আক্ৰান্তৰ ছুটীৰ দিন।

ক’ৰ’ণাত আক্ৰান্ত হ’লে চৰকাৰী চাকৰিয়ালে লাভ কৰিব মাত্ৰ ৭ দিনৰ ছুটী।

ডিমা হাচাওত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

FJd3u-CEa-AAQcllq

ক’ভিড আক্ৰান্ত হোৱা ৰাজ্যিক কৰ্মচাৰী সকলে মাত্ৰ ৭ দিনৰহে ছুটী লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰি ৮ দিনৰ দিনাখন কৰ্মচাৰী সকলে কৰ্মস্থানত যোগদান কৰিব লাগিব বুলি প্ৰকাশ কৰে।

লগতে অসমত নতুনকৈ ক’ভিড এছ অ’ পি জাৰি কৰা নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত বৰ্তমান ক’ভিড ৰোগীৰ বাবে বিছনাৰ সংখ্যা খালী আছে ভবিষ্যতে যদিহে হস্পিটেল সমূহত বিছনাৰ সংখ্যা হ্ৰাস পাই তেন্তে নতুনকৈ ক’ভিড সম্পৰ্কীয় বাধা-নিষেধ আৰোপ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰী শৰ্মাই লগতে সদৰী কৰে।

ডিমা হাচাওত অনুষ্ঠিত হোৱা এই ৰাজ্যিক কেবিনেটত ডিমা হাচাওৰ উন্নতিৰ বাবেও ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে চাওকঃ

বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা

G7

Leave a Reply

Your email address will not be published. Required fields are marked *