‘কা’ আন্দোলন কৰি মই সময় নষ্ট নকৰোঃ ৰবি শৰ্মা

ৰাজ্যত পুূনৰ আৰম্ভ হৈছে ‘কা’ আন্দোলনৰ উকমুকনি।

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত পুনৰ ৰাজ্যত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোনন।

‘কা’ আন্দোলনক লৈ বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰকাশ কৰাৰ মাজতে এইবাৰ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।

image 172
'কা’ আন্দোলন কৰি মই সময় নষ্ট নকৰোঃ ৰবি শৰ্মা 2

তেওঁ কয়- ‘কা’ আন্দোলন কাৰ নেতৃত্বত হ’ব, কি হ’ব এইবোৰ মই গুৰুত্বই নিদিও। ‘কা’ আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা মই বিৰোধীতা কৰিছিলো। তেতিয়াও বিৰোধীতা কৰিছিলো, এতিয়াও কৰিম।

তেওঁ কয়- মই এইবাৰ ‘কা’ আন্দোলন নকৰো। শিল্পীসকলে নাচ গান আৰম্ভ কৰাৰ পৰা মই আন্দোলনত যোৱাতো বন্ধ কৰিলো। মোৰ কাম আন্দোলন কৰা নহয়। মোৰ কাম চিনেমা কৰা। মোৰ ভাৱ কথা মই ছবিৰ মাধ্যমেৰে কৰিম। কোনোবাই ভাল পাওক বা বেয়া পাওক মই মোৰ ব্যক্তিগত মন্তব্য সদায় দাঙি ধৰিম।

নাচ গানে অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সলনি কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰবি শৰ্মাই।

তেওঁ অতি স্পষ্টভাৱে কয় যে, মই আন্দোলন কৰি সময় নষ্ট নকৰো। কাৰণ তাৰ ফলাফ মই একোৱেই নাপালো।