‘কা’ আন্দোলনৰ নামত বঙাল খেদিব বিচাৰিলে ৩ টুকুৰা হ’ব অসমঃ প্ৰদীপ দত্ত ৰয়…

সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰা ‘কা’ আন্দোলন বন্ধ নকৰিলে ত্ৰিবিভক্ত হ’ব অসম।

ৰাজ্যত আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক লৈ এই বিতৰ্কিত মন্তব্য আগবঢ়াইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ে।

তেওঁ কয়- আছু, এজেৱাইচিপি কে আদি সংগঠনবোৰে মিলি যি ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰিছে সেইটো অসমৰ বাবে এক বিৰাট অশনি সংকেট। যদি তেওঁলোকে অসম আন্দোলনৰ নিচিনা বঙাল খেদা আন্দোলন কৰিব বিচাৰে তেতিয়াহ’লে কিন্তু অসমখন তিনি টুকুৰা হ’ব। এইটো আছুক আমি সকীয়নি দিছো।

তেওঁ কয়- ১৯৮০ চনত আছুৰ কাৰণে আমাৰ বৰাক ভেলীৰ বঙালী ল’ৰা বিলাকে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা ল’ব পৰা নাই। যেতিয়া বঙালী হিন্দুসকলক অনৈতিক ডি ভোটাৰৰ জাননী জাৰি কৰা হয় বা আটক কৰা হয় তেতিয়া এই সংগঠনবোৰ সম্পূৰ্ণৰূপে নীৰৱ হৈ থাকে। সেয়েহে, যদি এই বোৰ তৎক্ষণাৎ বন্ধ কৰা নহয়, অসম পুনৰ বিভক্ত বা ত্ৰিবিভক্ত হ’ব।

তেওঁ লগতে কয় যে, এই বিজেপি দলটো বাংলা বিৰোধী। প্ৰধানমন্ত্ৰীয়ে নিজেই আশ্বাস দিছিল ক্ষমতালৈ আহিলে ৰাজ্যখনৰ সকলো ডিটেনচন কেম্প ধ্বংস কৰা হ’ব। কিন্তু তেওঁলোকৰ চৰকাৰে গোৱালপাৰাত এটা নতুন ডিটেনচন কেম্প স্থাপন কৰিছে।

প্ৰদীপ দত্তৰয়ে কয়- বি টি চি চুক্তিৰ দ্বাৰা বড়োসকলৰ সমস্যা সমাধান হোৱা নাই। গতিকে আকৌ ‘ডিভাইড আছাম ফিফটি ফিফটি’ বিষয়ত আন্দোলন আৰম্ভ হৈছে। আমি ইতিমধ্যে এই সংগ্ৰামৰ সভাপতি, বড়ো নেতৃত্বৰ সৈতে কথা পাতিছো। তেওঁলোক শিলচৰলৈ আহি আছে। কেৱল সেয়াই নহয়, কাৰ্বি নেতৃত্বৰ সৈতেও আলোচনা চলি আছে।’

যদি এই আন্দোলন অব্যাহত থাকে ভৱিষ্যতে আমি একেসময়তে পৃথক বৰাকলেণ্ড, বড়োলেণ্ড আৰু কাৰ্বিলেণ্ডৰ বাবে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম।- প্ৰদীপ দত্ত ৰয়।