অসম

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে ৮ জুনত ৰাজহুৱা বন্ধ ঘোষণা…

নিউজ ডেস্কঃ সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে কাৰ্বি আংলং আৰু বিটিচিৰ কোকলাবাৰীৰ অন্তৰ্গত অঞ্চলসমূহত ৮ জুনত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।

এই সন্দৰ্ভত ৰাজ্যপালৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে ৮ জুনত স্বায়ত্ব পৰিষদৰ নিৰ্বাচন উপলক্ষে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত আৰু বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অন্তৰ্গত ২২নং বিটিচি সমষ্টিৰ অন্তৰ্গত সকলো বেংক, চাহ বাগিচা আৰু উদ্যোগ আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

উল্লেখ্য যে, ৮ জুনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ২৬টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ১২ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব।

এই স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত মুঠ ৭,০৩,২৯৮ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। যাৰ ভিতৰত ৩,৫৫,৫০৩ জন পুৰুষ আৰু ৩,৪৭,৭৯০ গৰাকী মহিলা ভোটাৰৰ লগতে ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *