কাবুলিৱালাৰ আতিশয্যৰ ভয়ংকৰ পৰিণতি, চৰম পথ বাছি ল’লে ডাকঘৰৰ কৰ্মচাৰীয়ে

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখােৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলােৱাৰ সময়তে পুনৰ কাবুলিৱালাৰ আতিশয্যৰ বলি হৈ এজন লােকে চৰম পথ বাছি ল’বলগীয়া হ’ল।

এইবাৰ ঘটনাৰ স্থান শোণিতপুৰৰ বালিপৰা।

সুদখোৰ কাবুলিৱালাৰ পৰা টাক ধাৰে লৈ সময়মতে সুদ পৰশােধ কৰিব নােৱৰাৰ বাবেই চৰম হাৰাশাস্তিত সন্মুখীন হৈ চৰম পথ বাছি ল’লে ডাক বিভাগৰ কৰ্মচাৰী কৃষ্ণ ওৰাঙে।

G9
কাবুলিৱালাৰ আতিশয্যৰ ভয়ংকৰ পৰিণতি, চৰম পথ বাছি ল’লে ডাকঘৰৰ কৰ্মচাৰীয়ে 3

উল্লেখ্য যে সময়মতে সুদ দিব নোৱৰাৰ বাবেই কাবুলিৱালাই লােকজনৰ বাইক, ATM কাৰ্ড কাঢ়ি লৈ যায়। লগতে ৰাজহুৱাভাৱে অপদস্থ কৰে কৃষ্ণ ওৰাঙক।

ইয়াৰ পৰিণতিতে খনামুখৰ অকাবস্তিত আত্মহত্যা কৰে ডাক বিভাগৰ কৰ্মচাৰী কৃষ্ণ ওৰাঙে।

ইপিনে, মৃত কৃষ্ণ ওৰাঙৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক মাংগিন খান, ওমৰ আলী খানসহ ৩ জনক গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে মূল অভিযুক্ত আন্নছ খান আৰু আজাদ খান এতিয়াও পলাতক বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চাইবাৰ অপৰাধী নহয়, গ্ৰাহকৰ ATM ৰ জৰিয়তে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰি মহানগৰীত গ্ৰেপ্তাৰ সুন্দৰী বেংক বিষয়া…

photo 2022 09 06 17 08 34
কাবুলিৱালাৰ আতিশয্যৰ ভয়ংকৰ পৰিণতি, চৰম পথ বাছি ল’লে ডাকঘৰৰ কৰ্মচাৰীয়ে 4