
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন, নিৰ্মাণ হ’ব পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট…
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন হ’ব সংযোজন।
কাজিৰঙাত নিৰ্মাণ কৰা হ’ব পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট।
চৰকাৰৰ টি ট্যুৰিজিম আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্টৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমে আৰম্ভ কৰিছে প্ৰাৰম্ভিক কাম-কাজ।
বোকাখাত মহকুমা প্ৰশাসনে ৰিজ’ৰ্ট নিৰ্মাণৰ বাবে হাতীখুলি চাহ বাগিচা সংলগ্ন ৩০ বিঘা ভূমি হস্তান্তৰ কৰিছে পৰ্যটন উন্নয়ন নিগমক।
কাৰ্বি পাহাৰৰ নামনিত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ হ’বলগীয়া পঞ্চতাৰকা ৰিজ’ৰ্ট নিৰ্মাণৰ বাবে পৰ্যটন উন্নয়ন নিগমৰ বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে হায়াত গ্ৰুপৰ লগত।
কাজিৰঙালৈ অধিক পৰ্যটকক আকৰ্ষণৰ বাবে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এই বিলাসী পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট।





