
কাজিৰঙাত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ…
কাজিৰঙাত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ।
কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১নং শিলদুবিৰ শ’লমৰা গাওঁত উদ্ধাৰ হয় মৃতদেহটো।
কাজিৰঙাৰ শ’লমৰা অঞ্চলত বাঘে এটা গৰু চিকাৰৰ পিছতে মৃত অৱস্থাত বাঘটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
বৰ্তমান মৃত বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।
অৱশ্যে বাঘটো বিহজনিত কাৰণত মৃত হোৱাৰ কথা অনুমান কৰিছে বনবিভাগে।





