কাইলৈ মুখ্যমন্ত্ৰীৰ ওপজা দিন, জালুকবাৰী সমষ্টিত ব্যাপক উছাহ…

১ ফেব্ৰুৱাৰীত ৫৩ বছৰত ভৰি দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে নিজ সমষ্টিত চলিছে ব্যাপক উছাহ।

তিনিদিনীয়াকৈ পাণ্ডু-মালিগাঁৱৰ ৰাইজে পালন কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন।

তাৰ বাবে ইতিমধ্যে বিভিন্ন ৰঙী লাইট, বেনাৰ-পোষ্টাৰৰে সজোৱা হৈছে অঞ্চলটো।

মুখ্যমন্ত্ৰীৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লৈছে সমষ্টিটোৰ ৰাইজে। 

ইফালে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি পুৱাই এক চাফাই অভিযান চলাই অঞ্চলটোৰ ৰাইজে।

একেদৰে পাণ্ডুৰ পৰা আদাবাৰী অঞ্চললৈ বৃক্ষৰোপনৰো কাৰ্যসূচী হাতত লৈছে। 

আনহাতে, দেওবাৰে চিত্ৰাংকন, ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।

১ফেব্ৰুৱাৰীত পাণ্ডুত বিশেষভাৱে সক্ষমসকলৰ মাজৰ হুইল চেয়াৰ বিতৰণৰ কৰা হব। লগতে আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে।

ইয়াৰোপৰি, সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ৰেষ্টকেম্প কালিবাৰীত যজ্ঞ। যজ্ঞত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।  

Leave a Comment