কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাইভল্টেজ মেচ, খেল চাবলৈ গ’লে আপুনি মানিব লাগিব এইসমূহ নিয়ম..?

কাইলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাইভল্টেজ মেচ ৷

সন্ধিয়া ৭বজাৰ লগে লগে আৰম্ভ হ’ব খেল ৷

পিছে খেল চাবলৈ গ’লে আপুনি মানিব লাগিব কেতবোৰ নিয়ম।

এই সন্দৰ্ভত শনিবাৰে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰে অসম ক্ৰিকেট সন্থা আৰু অসম আৰক্ষীয়ে।

বর্ষাপাৰাত অসম ক্ৰিকেট সন্থা আৰু গুৱাহাটী আৰক্ষীয়ে অনুষ্ঠিত কৰে সংবাদমেল।

গাড়ী পাৰ্কিঙৰ বাবে ব্যৱস্থা কৰাৰ লগতে ম’বাইল আৰু মানিবেগৰ বাহিৰে ষ্টেডিয়ামৰ ভিতৰলৈ একো লৈ যাব নোৱাৰিব বুলি মন্তব্য কৰে ACA ৰ সম্পাদক দেৱজিৎ শইকীয়াই ৷

আনকি পানীৰ বটলো নিব নোৱাৰিব দৰ্শকে।

ষ্টেডিয়ামৰ ভিতৰতে পানী আৰু খাদ্যৰ ব্যৱস্থা কৰা হ’ব বুলিও সংবাদমেলত মন্তব্য সম্পাদকগৰাকীৰ।

লগতে সকলোকে শান্তিপূৰ্ণ ভাৱে খেল উপভোগ কৰিবলৈ অনুৰোধ জনায় অসম ক্ৰিকেট সন্থাই।

উল্লেখ্য যে, ৭ বজাত আৰম্ভ খেল আৰম্ভ হ’ব আৰু নিশা ১১ বজাত খেল সমাপ্ত হ’ব।

গে’টসমূহ ৪ বজাত খুলি দিয়া হ’ব। ৫ আৰু ৬ নম্বৰ গেট ৩ বজাত খুলি দিয়া হ’ব বুলি সদৰি কৰে সংবাদমেলত।