ক’লৈ গ’ল শ্যামলী? কেইবাদিন ধৰি সন্ধানহীন ছাত্ৰীগৰাকীৰ নিৰুদ্দেশক লৈ চাঞ্চল্য…

এক চাঞ্চল্যকৰ ঘটনা।

কেইবাদিন ধৰি সন্ধানহীন ছাত্ৰী এগৰাকী ছাত্ৰী।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এই ঘটনা।

নিৰুদ্দিষ্ট যুৱতীগৰাকী দুৰামাৰী গাঁৱৰ ২০ বছৰীয়া শ্যামলী বৰ্মন বুলি জানিব পৰা গৈছে।

বিগত সাত দিনে কোনো ধৰণৰ সন্ধান নোপোৱাৰ ফলত হাহাকাৰ লাগিছে পৰিয়ালৰ লোকৰ মাজত।

বিগত ২০ জুলাইৰ পৰা সন্ধানহীন অভয়াপুৰীৰ দুৰামাৰী মৱামাৰী গাঁৱৰ প্ৰদীপ বৰ্মনৰ কন্যা শ্যামলী বৰ্মন।

২০ জুলাইৰ ৰাতিপুৱা ৭ বজাত ঘৰৰ পৰা ওলাই যোৱাৰে পিছৰে পৰাই সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী।

ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে অভয়াপুৰী আৰক্ষী চকীত এখন এজাহৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে ছাত্ৰীগৰাকীৰ সম্ভেদ পালে ৬০০৩৮-২৫৭৫৫, ৯৯৫৪১-৫২৩২৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।