অসম

কমনৱেলথ গেমছত উন্নত প্ৰদৰ্শনৰ লক্ষ্য লাভলীনা বৰগোহাঁইৰ, ক’লে এই কথা…

টকিঅ’ অলিম্পিকত পদক জয় কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ লক্ষ্য এতিয়া আগন্তুক কমনৱেলথ গেমছত।

অসমত বক্সিং খেলক এক নতুন দিগন্ত দিবলৈ শুক্ৰবাৰে গুৱাহাটী টাউন ক্লাবত বক্সিং চেণ্টাৰ মুকলি কৰি নিজৰ পৰৱৰ্তী লক্ষ্যৰ বিষয়ে জানিব দিয়ে খেলুৱৈ গৰাকীয়ে।

লাভলীনাই কয় যে, অহা মাহত বার্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে তেওঁ পূর্ণগতিত প্রস্তুতি চলাই আছে। আশা কৰিছোঁ, কমনৱেলথ গেমছত ভাল প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হ’ম।

image 138

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইতিমধ্যে ওজন শাখা সলনি হৈছে লাভলীনাৰ। এতিয়া কমনৱেলথ গেমছত খেলিব ৭০ কেজি শাখাতহে।

ইস্তানবুলত অনুষ্ঠিত আই বি এ মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭০ কেজি শাখাত প্ৰথমবাৰলৈ ভাগ লোৱা লাভলীনাই অভিযান সামৰিছিল প্রি কোৱাৰ্টাৰ ফাইনেলতে। কিন্তু কমনৱেলথ গেমছত বিশ্ব বক্সিঙৰ ব্যৰ্থতাক পিছ পেলাই সাফল্যৰ বাটত আগবাঢ়িবলৈ বিচাৰিছে লাভলীনাই।

তেওঁ কয় যে, প্ৰস্তুতিত কোনো সুৰুঙা ৰাখিবলৈ বিচৰা নাই এইবাৰ। লাভলীনাই ২০১৮ চনৰ গ’ল্ড কষ্ট কমনৱেলথ গেমছত ভাগ লৈছিল যদিও পদক জয় কৰিব পৰা নাছিল। গতিকে এইবাৰ উন্নত প্ৰদৰ্শনেৰে পদক জয় কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী তেওঁ।

image 139

২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছলৈ ইতিমধ্যে অসমৰপৰা বক্সাৰ শিৱ ভাৰোত্তোলক পপী হাজৰিকা আৰু এথলেট হিমা দাসেও যোগ্যতা অর্জন কৰিছে।

এই সন্দৰ্ভত লাভলীনাই কয়- ৰাজ্য খনৰপৰা এনেদৰে খেলুৱৈয়ে কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰাত বৰ ভাল লাগিছে। কিয়নো নিজ ৰাজ্যৰ খেলুৱৈ থাকিলে গেমছৰ সময়ত ভাব বিনিময় কৰিব পৰা যায় আৰু ইজনে সিজনক প্ৰেৰণা দিব পাৰে।