অসমঅসমীয়া

ক’ভিড-১৯ত আক্ৰান্ত সাংসদ কুইন ওজা, GMCH ত ভৰ্তি

নিউজ ডেস্ক। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ।

বিশেষকৈ গুৱাহাটী মহানগৰীত দৈনিক সংক্ৰমিতৰ সংখ্যা ৰাজ্যৰ ভিতৰতে সৰ্বাধিক।

ইপিনে, গুৱাহাটীৰ সাংসদ কুইন ওজা কোৰোনাত আক্ৰান্ত হােৱা বুলি জানিব পৰা গৈছে।

শৰীৰত ক’ভিড-১৯ৰ মৃদু লক্ষণ দেখা পােৱাৰ পাছত পৰীক্ষাত ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয় সাংসদগৰাকীক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে সাংসদ গৰাকীক।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি এই কথা সদৰি কৰে সাংসদ গৰাকীয়ে।

লগতে যোৱা কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকক কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনায় সাংসদগৰাকীয়ে।

উল্লেখ্য যে বৃহস্পতিপাৰে দিনটােত গুৱাহাটী মহানগৰীত ৩৬৯ জন নতুনকৈ ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

লগতে ৰাজ্যত সংক্ৰমণৰ হাৰ ২.৩৭ শতাংশলৈ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *