অসমঅসমীয়া

ক’ভিড-১৯ত আক্ৰান্ত মন্ত্ৰী পীয়ুষ হাজৰিকা

কোভিড-১৯ত আক্ৰান্ত হৈছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা।

টুইটাৰ যোগে মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দি কয় যে তেওঁ বৰ্তমান হোম আইচ’লেছন হৈ আছে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে তেওঁৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ ধৰা পৰাৰ পিছতে কোভিড টেষ্ট কৰা হয়। য’ত ৰিজাল্ট পজিটিভ আহে।

আনহাতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, ৰাজ্যত পুনৰ এবাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।

সমান্তৰালভাৱে এতিয়ালৈকে ৰাজ্যখনত ৯ জনৰ দেহত কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰন ধৰা পৰিছে।

অৱশ্যে ইয়াৰ ৩ জন বৰ্তমান সুস্থ হৈ উঠাৰ বিপৰীতে ৬ জন চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *