অসম

ক’ভিড মুক্ত অসম! ১০ মাৰ্চত অসমত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত…

অসমত ইতিহাস হ’ল ক’ভিড।

১০ মাৰ্চত অসমত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত।

দুবছৰৰ অন্তত বৃহস্পতিবাৰে ক’ভিড শূন্য হ’ল অসম।

বৃহস্পতিবাৰে ৰাজ্যত সম্পন্ন হোৱা ১৭১৩ টা ক’ভিড পৰীক্ষাত এজনো লোকৰ শৰীৰত ধৰা নপৰিল ক’ভিডৰ উপস্থিতি।

যোৱা এসপ্তাহ ধৰি দৈনিক ২-৩জনকৈ আক্ৰান্ত হৈছিল যদিও বৃহস্পতিবাৰে এজনো লোক নতুনকৈ আক্ৰান্ত হোৱা নাই।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত ১৩ জন ক’ভিড আক্ৰান্ত সুস্থ হৈ উঠে। বৰ্তমান ৰাজ্যত ২৮ জন লোক ক’ভিড আক্ৰান্ত হৈ আছে।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত এজনো লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা নপৰাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু ৰাজ্যৰ স্বাস্থ্য কৰ্মী সকলৰ প্ৰচেষ্টাৰ ফলত ৰাজ্য ক’ভিড মুক্ত হোৱাৰ দিশলৈ আগবাঢ়িছে বুলি টুইট কৰে।

ৰাজ্যবাসীৰ লগতে সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী-সহায়িকাকে ধৰি ক’ভিডবিৰোধী যুঁজ তথা ক’ভিড প্ৰতিষেধক প্ৰদানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীয়ে।

 ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্য হোৱাটোক ক’ভিডবিৰোধী (Covid 19) যুঁজৰ এইসকল সেনানীৰ বিগত দুবছৰ যোৰা ঐকান্তিক প্ৰচেষ্টাৰ সুফল বুলিও মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *