অসম

ক’ভিডত আক্ৰান্ত SP আনন্দ মিশ্ৰ, আন দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকো ক’ভিড পজিটিভ…

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

নগাঁও জিলাৰ আৰক্ষী অধিক্ষক আনন্দ মিশ্ৰৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

বৰ্তমান Home Isolationত আছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকী।

SP আনন্দ মিশ্ৰৰ উপৰি আন দুই অতিৰিক্ত আৰক্ষী অধীক্ষকো আক্ৰান্ত হৈছে ক’ভিডত। 

ক’ভিডত আক্ৰান্ত হৈছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰূপম হাজৰিকা।

দুয়োগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকো বৰ্তমান Home Isolationত থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত মুঠ ৩২৩৮ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হয় ৩জনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *