‘কপৌ পাহি তোৰে খোপাত’-উভতি নহাৰ বাটেৰে গ’লগৈ মাটিৰ শিল্পী অপূৰ্ব বেজবৰুৱা…

ৰাজ্যবাসীৰ বাবে এক বেয়া খবৰ।

জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান।

গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাক ব্ৰেইন ষ্ট’কত আক্ৰান্ত হোৱাত সোমবাৰে সংকটজনক অৱস্থাত  দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী গৰাকীক অহৰহ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

অৱশেষত বুধবাৰে সন্ধিয়া ৬.৩০ মান বজাত ইহঃসংসাৰ ত্যাগ কৰে শিল্পীগৰাকীয়ে।

৭০ দশকৰ পৰা অসমৰ সংগীত জগতত অপূৰ্ব বেজবৰুৱা সংগীত সাধনাৰে জিলিকি উঠা শিল্পীসকলৰ ভিতৰত অন্যতম।

বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক শোকাকুল কৰি তুলিছে। 

শিল্পী গৰাকীৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।

Image

তেওঁ এজন কবি, এজন গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপেও অধিক জনপ্ৰিয় আছিল। অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫১চনৰ ১৫ অক্টোবৰত।

বহু মননশীল আৰু চিৰসেউজ গীতত কন্ঠ নিগৰোৱা অপূৰ্ব বেজবৰুৱাৰ শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল নিৰ বেজবৰুৱা। মাতৃৰ নাম প্ৰতিভা দেৱী।

অপূৰ্ব বেজবৰুৱাই সংগীতৰ ক্ষেত্ৰখনত এক নিজস্ব পৰিচয় দাঙি ধৰিছিল। ১৯৭৪-৭৬লৈ গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ অস্থায়ী ঘোষক হিচাপে কাম কৰিছিল।

ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ তেওঁ গীতিকাৰ, সুৰকাৰ আৰু কন্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। সৰুৰে পৰাই ঘৰতে সংগীতৰ পৰিবেশ লাভ কৰা অপূৰ্ব বেজবৰুৱাই জগন্নাথ দেৱৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।

কপৌ পাঁহি তোৰে খোপাত, নাচনী অ’, নিবিচাৰো আজি কাকো, চাহ গছৰ কোমল পাতত আদি তেওঁৰ অপূৰ্ব সৃষ্টি।

Image

প্রথমখন আধুনিক বিহু সুৰীয়া এলবাম অপূৰ্ব বেজবৰুৱাৰ পৃষ্ঠপোষকতাতেই ৰেকৰ্ডিং কৰা হৈছিল। নাম আছিল- ‘বহু মানুহৰ সৈতে চিনাকি হ’লো’।

২০০ৰো অধিক অডিঅ’ কেছেটত কন্ঠদান কৰিছে অপূৰ্ব বেজবৰুৱাই। সেইবোৰৰ ভিতৰত প্ৰহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহ ফুল , মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালি, মাকণ ঐ, মৌপিয়া, মৰমকৃষ্ণা, চঞ্চলা, কপৌ পাঁহি তোৰে খোপাত, কাষত গাগৰী নৈ, মায়াবিনী, মৰীচিকা আদি অন্যতম।

অপূৰ্ব বেজবৰুৱাই কেৱল কন্ঠশিল্পী হিচাপেই নহয় তেওঁ লিখিছে ২ হাজাৰৰো অধিক গীত।

বেজবৰুৱাৰ কেইটামান উল্লেখযোগ্য গীত হ’ল চিলমিল টোপনীতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলৰ বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভী আদি। ইয়াৰ উপৰিও অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীত নামৰ পুথিখনো পাঠকৰ মাজত যথেষ্ট চৰ্চিত হৈছিল।

ড০ ভূপেন হাজৰিকাৰ কন্ঠত নানা ৰহণীয়া, বাৰেবৰণীয়া, কোন ক’ত আছ’, আহ ঐ আহ, ৰিদীপ দত্তই গোৱা মাইজান তোকে দেখা পাই গীতৰ গীতিকাৰ আছিল অপূৰ্ব বেজবৰুৱা।

একেদৰে সন্ধ্যা মেননৰ বিখ্যাত গীত তোৰে মন পাবলৈ চেনাই মই বলিয়া, চিলমিল টোপনীতে আদি জনপ্ৰিয় গীতবোৰৰ স্ৰষ্টা আছিল অপূৰ্ব বেজবৰুৱা।

সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁৰ আছে অনন্য অৱদান।

Leave a Comment