অসম

কংগ্ৰেছ নেতা পুনৰ বিজেপিলৈ আহিব, কিন্তু ভূপেন বৰা আহিব নালাগে, তেওঁ আহিলে ক্ষতি হ’বঃ পল্লৱ লোচন দাস…

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুলাধূনা সাংসদ পল্লৱ লোচন দাসৰ।

সাংসদ দাসে কয়- ভূপেন বৰা কাৰ নেতা? কংগ্ৰেছ দলে নেতা হিচাপে নামানে ভূপেন বৰাক। এজন এজনকৈ সকলো আঁতৰি গৈছে কংগ্ৰেছৰ পৰা।

‘আমি কাকো জোৰ কৰি বিজেপি কৰিব বিচৰা নাই। বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছী বিজেপি হৈছে। আৰু কংগ্ৰেছী নেতা আহিব বিজেপিলৈ। কোন আহিব বুলি নিৰ্দিষ্ট তালিকা নাই।’– এই মন্তব্য কৰিছে সাংসদ পল্লৱ লোচন দাসে।

সংবাদ মাধ্যমৰ আগত পল্লৱ লোচন দাসে কয়, ৰাইজৰ উন্নয়ন বিচাৰি বিজেপিলৈ আহিছে তেওঁলোক। পিছে, ভূপেন বৰা আহিব নালাগে। ভূপেন বৰা আহিলে দলৰ ক্ষতি হ’ব। বিহপুৰীয়া হেৰুৱাব বিজেপিয়ে।

আনহাতে, ৰাজ্যৰ সমস্যা সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, ‘নিবনুৱা সমস্যা, দুৰ্নীতি সকলো নাইকীয়া হ’ব। কিছু দিন অপেক্ষা কৰক সকলো দেখিব। অলপ অপেক্ষা কৰক ৰাইজে।’

ভূপেন বৰাই কেৱল সংবাদমেল হে কৰিব পাৰে বুলি কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে, বিজেপিক পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই ভূপেন বৰাৰ। নিজ দলক লৈ চিন্তা কৰক তেও। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত হৈছে প্ৰশাসনিক সংস্কাৰ।’

Leave a Reply

Your email address will not be published. Required fields are marked *