ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাৰ্ধক্য জনিত কাৰণত মৃত্যু এটি মতা গঁড়ৰ…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাৰ্ধক্য জনিত কাৰণত মৃত্যু এটি মতা গঁড়ৰ।

উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ।

উদ্যানখনৰ পিছলামুখ বন শিবিৰ অঞ্চলত বন কর্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো।

পশু চিকিৎসক বাহাৰুল ইছলাম আৰু ডিএফঅ’ প্ৰদীপ্ত বৰুৱাই জনোৱা মতে, অতিৰিক্ত বয়স হোৱাৰ বাবেই মৃত্যু হৈছে গঁড়টোৰ।

খৰ্গকে আদি কৰি সকলো অংগ সুৰক্ষিত অৱস্থাত আছে বুলি জানিব দিয়ে বন বিভাগে।

সন্ধিয়া বন বিভাগৰ দল আৰু চিকিৎসকে মৃত গঁড়টোৰ খৰ্গ সংৰক্ষণ কৰাৰ বাবে কাটি আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ আনে।

গঁড়টোৰ বয়স আনুমানিক ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে।

গঁড়টোৰ উচ্চতা দুই মিটাৰ আৰু দীঘল তিনি মিটাৰৰ অধিক বুলি জানিব দিছে বন বিভাগে।