এ আই ইউ ডি এফ দলৰ ভোট বেংক হ’ল অনুপ্ৰৱেশকাৰী মুছলমানঃ জয়ন্ত মল্ল বৰুৱা…

মঙলবাৰে বিলাসীপাৰাৰ উপস্থিত হয় ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

কোকৰাঝাৰৰ কেবিনেট বৈঠকৰ পিছত বিলাসীপাৰাৰ বেলতলী উপৰটাৰীত ভূ-মাফিয়াৰ আক্ৰমণত নিহত হোৱা ছপিলুদ্দিন শ্বেখৰ পৰিয়ালৰ কাষত উপস্থিত হয় মন্ত্ৰীগৰাকী।

image 49
এ আই ইউ ডি এফ দলৰ ভোট বেংক হ'ল অনুপ্ৰৱেশকাৰী মুছলমানঃ জয়ন্ত মল্ল বৰুৱা... 3

মন্ত্ৰীগৰাকীয়ে মৃত ছপিলুদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে।

লগতে মৃত ছপিলুদ্দিনৰ পৰিয়ালক মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে।

image 48
এ আই ইউ ডি এফ দলৰ ভোট বেংক হ'ল অনুপ্ৰৱেশকাৰী মুছলমানঃ জয়ন্ত মল্ল বৰুৱা... 4

সাংবাদিকৰ প্ৰশ্নত প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয়- ‘বদৰুদ্দিন আজমলৰ দলে কেতিয়াও দেশী।জনগোষ্ঠীয় লোকৰ ওচৰত থিয় হ’ব নোৱাৰে। খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কোনোপধ্যে সহ্য কৰা নহ’ব।’

অনুপ্ৰৱেশকাৰী মুছলমান এ আই ইউ ডি এফ দলৰ ভোট বেংক বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।