নিউজ ডেস্ক। অসম আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাৰ সফলতা। শাখাই চাইবাৰ প্ৰৱঞ্চকলৈ যোৱা মুঠ ৫০ লাখ টকা সুৰক্ষিত কৰি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয়।
এমাহ পূৰ্বে আৰম্ভ কৰা বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ইয়াৰ ব্যৱস্থাপনা প্ৰণালীয়ে এনে ধৰণৰ ঘটনা হ্ৰাস হোৱাত বিশেষ ভূমিকা পালন কৰে। যিয়ে চাইবাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাত বাধা প্ৰদান কৰিছে।
এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে আন কোনো ৰাজ্যত এনে অবিৰত সেৱা প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। এই সুবিধা প্ৰণালীটো উন্নত কৰিবলৈ আৰু ইয়াক অভেদ্য হিচাপে গঢ়ি তুলিবলৈ বছৰৰ ৩৬৫ দিনেই ২৪×৭ প্ৰচেষ্টা অব্যাহত আছে।
টুইটাৰযোগে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কয়, “৫০,০০,০০০ টকা! হয়, ৫০,০০,০০০ টকা! মাত্ৰ এমাহ পূৰ্বে বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা প্ৰণালী আৰম্ভ কৰা হৈছিল। আৰু আমি ইতিমধ্যে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছো। যিটো কাৰ্যৰ দ্বাৰা চাইবাৰ প্ৰৱঞ্চনাৰ হাতলৈ ধন যোৱাটো বন্ধ হৈছে।”
Rs. 50,00,000! Yes, Rs. 50,00,000!
— DGP Assam (@DGPAssamPolice) August 8, 2021
The Financial Cyber Fraud Reporting & Management System was launched just over a month ago. And we have already reached the important milestone amount, that has been stopped from going into the hands of the Cyber frauds.@himantabiswa @HMOIndia pic.twitter.com/tC5zFJkrNY
তেওঁ লগতে কয় যে, “আন যিকোনো ৰাজ্যৰ বিপৰীতে আমি বছৰৰ ৩৬৫ দিনেই এই ২৪×৭ সুবিধাটো অব্যাহত ৰাখিছো। আমাৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে প্ৰণালীটো উন্নত কৰা আৰু ইয়াক অভেদ্য কৰি তোলা। আমি ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত সঠিক নিৰ্দেশনাৰে এনে কাৰ্য কৰিবলৈ সক্ষম হৈছো।”
উল্লেখ্য যে অসম আৰক্ষীয়ে চাইবাৰ জালিয়াতিৰ ক্ষেত্ৰত সহায় হোৱাকৈ এটা হেল্পলাইন ব্যৱস্থা আৰম্ভ কৰিছে।
বিত্তীয় প্ৰৱঞ্চনাৰ ক্ষেত্ৰত দ্ৰুত আৰু তাৎক্ষণিক সহায়ৰ বাবে ১৫৫২৬০ নম্বৰ হেল্পলাইন সেৱা মুকলি কৰিছে বিভাগে।