অসমঅসমীয়া

এদিনতে ক’ভিড-১৯ত মৃত্যু ১৫ জনৰ, নতুনকৈ আক্ৰান্ত ৮,৩৩৯ লােক

নিউজ ডেস্ক। ক’ভিড-১৯ৰ তৃতীয় ঢৌৰ মাজতে ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও দৈনিক সংক্ৰমিত লােকৰ সংখ্যা ৮ হাজাৰ অতিক্ৰম কৰিছে।

মংগলবাৰে ৰাজ্যজুৰি ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৬ জনকৈ লােকৰ মৃত্যু ঘটাৰ বিপৰীতে বুধবাৰে মৃত্যু ঘটে ১৫ জন লােকৰ।

A-visitors-shows-double-vaccination-certificate-during-their-visit-to-a-Assam-State-Zoo-in-Guwahati-

লগতে এদিনত নতুনকৈ আক্ৰান্ত হয় ৮,৩৩৯ জন লােক। এই সংখ্যা মংগলবাৰে আছিল ৮,੦৭২ জন।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বুধবাৰে দিনটােৰ ৰাজ্যজুৰি ৬৪,৬৯৯ লােকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

এই পৰীক্ষাত ৮,৩৩৯ লােক ক’ভিড-১৯ত পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

দিনটােৰ সংক্ৰমণৰ হাৰ ১২.৮৯ শতাংশলৈ বৃদ্ধি পাইছে।

আক্ৰান্তসকলৰ ভিতৰত কামৰূপ (মেট্ৰ’)ত ১৯২৯ জন লােক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

লগতে চাওকঃ

প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

G5-2

Leave a Reply

Your email address will not be published. Required fields are marked *