এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰৰ বাবে যাব নালাগে চৰকাৰী কাৰ্যালয়লৈ, মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা…

এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰৰ বাবে যাব নালাগে চৰকাৰী কাৰ্যালয়লৈ।

বিদ্যালয়ে বিদ্যালয়ে লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ।

বিশ্বনাথত এই গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰ নিবলৈ কোনো আহিব নালাগে চৰকাৰী কাৰ্যালয়লৈ৷ বিষয়া-কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ বিদ্যালয়ে বিদ্যালয়ে নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ দিব লাগিব বুলি মূখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷

দেওবাৰে বিশ্বনাথৰ বামগাঁৱত উপস্থিত হৈ চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাড়ী কেন্দ্ৰটি মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে৷

লগতে বিশ্বনাথত আজিৰ দিনটোতে বিশ্ব গঁড় দিৱসৰ দিনাই চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা ২৫০০ টা গঁড়ৰ খৰ্গৰ দাহ সংস্কাৰ কৰে, খৰ্গবোৰ জ্বলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে চাওকঃ চাওক আপােনাৰ সপ্তাহটোৰ ৰাশিফল

Leave a Comment