এজন নিভাঁজ অসমীয়া! শিৱসাগৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ যাৰ বিশ্বজয়ৰ যাত্ৰা…

নিউজ ডেস্ক। এজন সুদক্ষ অসমীয়া। গাঁৱৰ বোকা-পানী গছকি বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা এজন স্বাভিমানী অসমীয়া তেওঁ। নাম তেওঁৰ শচীন গগৈ।

বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বিশ্বাসযোগ্য সংবাদ সংস্থা বিবিচিৰ সম্পাদকীয় প্ৰমুখ হিচাপে কৰ্তব্যৰত শচীন গগৈ। তেওঁৰ এই সাফল্য স্বাভাৱিকতে অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

24

ঐতিহাসিক শিৱসাগৰ জিলাৰ খঙীয়া গাঁৱত জন্মগ্ৰহণ কৰা শচীন গগৈৰ পিতৃৰ নাম যাদৱ গগৈ আৰু মাতৃৰ নাম অঞ্জলি গগৈ। তেওঁৰ পিতৃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।

জিলাখনৰ মেজেঙ্গা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত শচীন গগৈয়ে মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তাৰ পিছত নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অসমীয়া মাধ্যমতে শিক্ষাগ্ৰহণ কৰে।

25

পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা স্নাতক শিক্ষা সম্পন্ন কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গনসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে শচীন গগৈয়ে।

অধ্যয়ন কালতে কেইবাখনো কাকত-আলোচনীত নিয়মীয়াকৈ লেখা-মেলা আৰম্ভ কৰিছিল গগৈয়ে।

আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়ান এক্সপ্ৰেছত এমহীয়া প্ৰশিক্ষণৰ সুযোগ লাভ কৰি বুকুত এক নতুন সপোন সামৰি দিল্লীলৈ উৰা মাৰে শচীন গগৈয়ে।

সেয়াই আছিল এজন স্বাভিমানী অসমীয়াৰ বিশ্বযাত্ৰাৰ আৰম্ভণি। ২০০৪ চনত শচীন গগৈয়ে ভাৰতৰ সৰ্ববৃহৎ নিউজ এজেন্সি পিটিআইৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ত যোগদান কৰে।

899

তাৰ পিছত তেওঁ কিছুদিন ইণ্ডো-এচিয়ান নিউজ চাৰ্ভিচ (IANS)ত কাম কৰে যদিও পৰৱৰ্তী সময়ত ইউনাইটেড নিউজ অৱ ইণ্ডিয়াৰ অৰ্থাৎ UNI ৰ মেঘালয়ৰ সংবাদদাতা হিচাপে দায়িত্ব পালন কৰে। ইয়াৰ পিছতে তেওঁ দিল্লীলৈ উভতি আহে আৰু ২০০৬ চনত মাৰ্কিন দুতাবাসত এজন সংবাদ বিশেষজ্ঞ হিচাপ যোগ দিয়ে।

মাৰ্কিন দূতাবাসত কৰ্মৰত হৈ থকা সময়ত বিশ্বৰ বহু কেইখন দেশ ভ্ৰমণ কৰি সেই দেশ সমূহৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ ধৰণ শিকাৰ সুযোগ লাভ কৰে শচীন গগৈয়ে।

সুদীৰ্ঘ ১৩ বছৰ কাল তেওঁ মাৰ্কিন দূতাবাসতে কৰ্মৰত হৈ অৱশেষত ২০১৯ চনত সেই দায়িত্বৰ পৰা অব্যাহতি লৈ তেওঁ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ব্ৰিটিচ বৰ্ডকাষ্টিং কৰ্পৰেচন চমুকৈ বিবিচিত যোগ দিয়ে।

বৰ্তমান তেওঁ বিবিচিৰ এছিয়া মহাদেশৰ সম্পাদকীয় প্ৰমুখ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ভাৰতকে ধৰি এছিয়া মহাদেশৰ আন আন দেশ সমূহত থকা সংস্থাটোৰ সাংবাদিকসকলৰ সৈতে যোগাযোগ ৰাখি দেশ সমূহৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক, আৰ্থ সামাজিক আদি দিশৰ বাতৰি প্ৰস্তুত কৰাটোৱেই তেওঁৰ মূল দায়িত্ব।

এইগৰাকী স্বাভিমানী অসমীয়াৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু জ্বলন্ত সমস্যাই বিবিচিৰ দৰে সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডই হওক বা ‘কা’ আন্দোলন, এই সকলোবোৰ সমস্যাই বিশ্বৰ সন্মুখত তুলি ধৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে অসম সন্তান শচীন গগৈয়ে।

এই গৰাকী অসম সন্তানে বৰ্তমান অসমৰ গৌৰৱোজ্জল ইতিহাসৰ পটভূমিত ইংৰাজী ভাষাত এখন উপন্যাস লিখি আছে। শচীন গগৈৰ এই উপন্যাসখন প্ৰকাশ পালে বিশ্বৰ বুকুত অসম আৰু অসমীয়াই এক সুকীয়া পৰিচয় লাভ কৰিব বুলি আশাবাদী সকলো।

এখন নিভাঁজ অসমীয়া গাঁৱৰ আবেগৰ সাক্ষী হৈ আজি বিশ্বৰ বুকুত নিজকে উজ্বলাই তুলিবলৈ সক্ষম হোৱা শচীন গগৈ নিঃসন্দেহে হাজাৰ জনৰ বাবে এতিয়া হৈ পৰিছে অনুপ্ৰেৰণা।

Leave a Comment