অসম

‘এখন বাইকত ৩ জনকৈ উঠক’- পেট্ৰ’লৰ দাম বৃদ্ধিক লৈ ভৱেশ কলিতাৰ মন্তব্য…

‘এখন মটৰ চাইকেলত ৩জনকৈ উঠক।’

‘বজাৰ কৰিবলৈ গাড়ী নানি চাইকেল বা খোজকাঢ়ি যাওক।’

মিতব্যয়ী হ’বলৈ এইদৰে অৰ্থনীতিৰ পাঠ পঢ়ালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি হৈছে পেট্ৰ’ল ডিজেলৰ মূল্য।

প্ৰতি লিটাৰত ১০০ ৰো অধিক হৈছে পেট্ৰ’লৰ মূল্য।

এইক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰে কেতবোৰ আজৱ মন্তব্য।

তেওঁৰ মতে গাড়ী-মটৰৰ সংখ্যা বেছি হোৱাৰ বাবেহে ৰাজ্যত বৃদ্ধি হৈছে পেট্ৰ’লৰ মূল্য।

ভৱেশ কলিতাই কয়- ‘গাড়ী বেছিকৈ চলোৱাৰ বাবেই বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ দাম। বজাৰ কৰিবলৈ গ’লে কিয় গাড়ী নিব লাগে?

পেট্ৰ’লৰ দাম ক’মাবলৈ হ’লে জনসাধাৰণৰক খোজ কাঢ়ি, চাইকেল লৈ কামলৈ যোৱাৰ আহ্বান ভৱেশ কলিতাৰ।

এখন বাইকত তিনিজন লোক উঠক। প্ৰয়োজনত বাইকত তিনিজন উঠিলে পুলিচে ফাইন লোৱা ব্যৱস্থাটোও সলনি কৰিব লাগিব বুলি মন্তব্য কলিতাৰ।

লগতে  সাংবাদিক সকলকো চাইকেল লৈ সংবাদ গ্ৰহণৰ আহ্বান জনাই কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *