এইবাৰ মেট্ৰিক দিয়া বকোৰ অংকুৰ কলিতাৰ আলফাত যোগদান, পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। পুনৰ আলফা স্বাধীনত যোগদান অসমীয়াৰ।

এইবাৰ অলফালৈ গ’ল বকোৰ কিশোৰ।

আলফা স্বাধীনত যোগ দিয়া কিশোৰজনৰ নাম অংকুৰ কলিতা বুলি জানিব পৰা গৈছে।

photo 2022 04 13 10 33 24
এইবাৰ মেট্ৰিক দিয়া বকোৰ অংকুৰ কলিতাৰ আলফাত যোগদান, পৰিয়ালত হাহাকাৰ 2

বাতৰি অনুসৰি, যোৱা ৪ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল অংকুৰ। শেহতীয়াকৈ কিশোৰজনে আলফা স্বাধীনত যোগ দিয়াৰ খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে, বকো হাইস্কুলৰ ছাত্ৰ অঙ্কুৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ছাত্ৰজনে কি কাৰণে সশস্ত্ৰ সংগ্ৰামৰ পথত ভৰি দিলে তাক লৈও সৃষ্টি হৈছে চাঞ্চল্যৰ।

শনিবাৰে অংকুৰ কলিতাই আলফাত যোগ দিয়াৰ খবৰ লাভ কৰাৰ পিছতে পৰিয়ালত হাহাকাৰ লাগে। ঘৰত নিশাই বকো আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিত বুজ লয়।

কিশোৰজনৰ সুকলমে ঘৰলৈ উভতাই আনিবলৈ আৰক্ষী আৰু চৰকাৰৰ ওচৰত আহ্বান জনাইছে অংকুৰৰ পৰিয়ালে।

Leave a Comment