এইবাৰ নিষিদ্ধ ড্ৰাগছৰ বেহাত নামিল কাৰাগাৰৰ কৰ্মচাৰী!

নিউজ ডেস্ক। তেজপুৰত আৰক্ষীৰ অভিযানত গাঞ্জাসহ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্মচাৰী এজন আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এক গোপন সূত্ৰৰ ভিত্তিত পুলিচ লাইনৰ বৌ-বজাৰৰ সমীপত তালাচী অভিযান চলাইছিল।

নিশা প্ৰায় ৭-৫৫ বজাত দোলাবাৰীৰ দিশৰ পৰা এখন মটৰচাইকেলত অহা এজন লোকক ৰখাই তালাচী চলাওঁতেই মটৰচাইকেলত এটা পলিথিনৰ মোনাত ৭৯ গ্ৰাম গাঞ্জা উদ্ধাৰ হয়।

উল্লেখযোগ্য যে, লোকজনে নিজকে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্মচাৰী বিভাজন বসুমতাৰী বুলি চিনাকী দিয়াৰ লগতে তেওঁৰ লগত থকা গাঞ্জাখিনি নিজে সেৱন কৰিবলৈ অনা বুলি প্ৰকাশ কৰে। কিন্তু আৰক্ষীয়ে তেওঁৰ কথাত পতিয়ন যোৱা নাই আৰু এই গাঞ্জাখিনি কাৰাগাৰৰ কয়দীক যোগান ধৰিবলৈ অনা বুলি সন্দেহ কৰিছে।

ইতিমধ্যে, তেজপুৰ আৰক্ষীয়ে জিম্মাত লৈ বসুমতাৰীক জেৰা অব্যাহত ৰখাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

Leave a Comment