এইবাৰ দলৰ পৰা বহিষ্কাৰ অগপ নেতা পংকজ পাঠকক…

নিউজ ডেস্ক। পংকজ পাঠকে সামাজিক মাধ্যমত অসমৰ মহিলাক তুচ্ছ-তাচ্ছিল্য কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ একাধিক থানাত পংকজ পাঠকৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে এজাহাৰ দাখিল কৰাৰ লগতে এই সন্দৰ্ভত নিজাববীয়া গােচৰ ৰুজু কৰিছে ৰাজ্যিক মহিলা আয়ােগে।

G7 4
এইবাৰ দলৰ পৰা বহিষ্কাৰ অগপ নেতা পংকজ পাঠকক... 3

ইয়াৰ পিছতে আন এক বিপদত পৰিছে ন-অগপ নেতা পংকজ পাঠক।

অসম গণ পৰিষদ দলৰ দলীয় শৃংখলা ভংগ আৰু অসামাজিক বক্তব্যৰ বাবে পংকজ পাঠকক তাৎক্ষণিক ভাবে অসম গণ পৰিষদ দলৰ পৰা অব্যাহতি দিয়া হৈছে।

উল্লেখ্য যে যােৱা মাহতে পংকজ পাঠকে অসম গণ পৰিষদৰ আমবাৰী স্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটােৰ সদস্যতা গ্ৰহণ কৰিছিল।

p7 1
এইবাৰ দলৰ পৰা বহিষ্কাৰ অগপ নেতা পংকজ পাঠকক... 4

কিন্তু শেহতীয়াভাৱে নিজৰ ব্যৱসায়ৰ স্বাৰ্থতে বিভিন্ন বিষয়ত অবাঞ্ছিত মন্তব্য কৰি বিতৰ্কত সােমাই পৰিছিল পংকজ পাঠক।