এইবাৰ আৰক্ষীৰ গুলীত আহত অপহৰণকাৰী, আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি চলাইছিল পলায়নৰ চেষ্টা…

গোৱালপাৰাত অপহৰণকাৰীলৈ আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে অপহৰণকাৰীৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে।

গোৱালপাৰাৰ দামৰাত যোৱানিশা সংঘটিত হয় এই ঘটনা।

গুলীচালনাত আহত অপহৰণকাৰীৰ নাম ছাবদাম মাৰাক ওৰফে ছাদ্দাম হুছেইন।

ছাদ্দাম হুছেইনৰ ঘৰ মানকাচৰৰ সুখচৰত।

ছাদ্দাম হুছেইনৰ নেতৃত্বত যোৱা ৯ নৱেম্বৰত কৃষ্ণাইৰ পৰা অপহৰণ হৈছিল জিলাখনৰে কাৰাইখোৱা দেউধুতুৰী গাঁৱৰ ৰবিউল হুছেইন নামৰ লোকজন।

লোকজনক সোশৰীৰে মেঘালয়ৰ পৰা উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে ছাদ্দাম হুছেইনক লগত লৈ আন এটা অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ যাওঁতেই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিল ছাদ্দাম হুছেইনে।

আহত ছাদ্দাম হুছেইনক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইনৰ উপৰিও ইয়াৰ লগত জড়িত আন পাঁচ জন অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment