অসম

উৎকোচ লৈ হাতে-লুটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপজ্যোতি ভূঞা…

মহানগৰীৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক।

ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ সঞ্চালক অৰূপ জ্যোতি ভূঞা।

২০,০০০ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে তেওঁ।

টকাৰ বিনিময়ত বহি:ৰাজ্যৰ পৰা গৰু আনিবলৈ পাৰ্মিট প্ৰদান কৰিছিল ভূঞাই।

ইয়াৰ পিছতে মঙলবাৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ড: অৰূপজ্যোতি ভূঞাক আৰক্ষী আৰু দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাই টকাৰ বিনিময়ত যধে মধে বহি:ৰাজ্যৰ পৰা গৰু আনিৱলৈ পাৰ্মিট প্ৰদান কৰিছিল।

যিহেতু বহি:ৰাজ্যৰ পৰা গৰু আনিবলৈ হলে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পাৰ্মিটৰ প্ৰয়োজন সেয়েহে টকাৰ বিনিময়ত বিষয়া গৰাকীয়ে যধে মধে পাৰ্মিট প্ৰদান কৰি আহিছিল।

ইয়াৰোপৰি টকাৰ বিনিময়ত পাৰ্মিট প্ৰদান কৰাৰ পিছত বিষয়াগৰাকীয়ে পুণৰাই “পাৰ্টী” সকলৰ পৰা বুজন পৰিমানৰ উৎকোচ বিচাৰিছিল।

তেনে এক অভিযোগ কোকৰাঝাৰ আৰক্ষীয়ে লাভ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্তত বিষয়টো সঁচা বুলি প্ৰমাণ হোৱাৰ পিছত মঙলবাৰে গুৱাহাটীৰ পৰা দূৰ্নীতি নিবাৰক শাখাৰ সহযোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *