উত্তৰ পূৱত কৰ্মৰত ভাৰতীয় সেৱাৰ বিষয়াৰ বিশেষ ভাট্টা কৰ্তনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
ইমান দিনে উত্তৰ পূৱত কৰ্মৰত সৰ্বভাৰতীয় সেৱাৰ বিষয়া সকলে লাভ কৰি আহিছিল বিশেষ ভাট্টা।
বিশেষকৈ উগ্ৰপন্থী অধ্যুষিত অঞ্চল হিচাপে তেওঁলোকক ডিষ্টাৰ্ব এৰিয়াৰ সেৱা কৰাৰ বাবে বিশেষ ভাট্টা আৰু সুবিধা দিয়াৰ ব্যৱস্থা আছিল।
শেহতীয়াকৈ সেই ভাট্টা আৰু সুবিধা সৰ্বভাৰতীয় সেৱাৰ বিষয়া সকলৰ বাবে কৰ্তন কৰা সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
এই সিদ্ধান্ত অতি শীঘ্ৰেই কাৰ্যকৰী হব।









