উত্তৰ গুৱাহাটীৰ GNRC চৌহদত নাৰ্ছৰ ৰহস্যজনক মৃত্যু, আটক চিকিৎসক সহ ২ গৰাকী নাৰ্ছ…

উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্ছৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত নাৰ্ছগৰাকীৰ নাম অনিতা ডেকা।

দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত আই চি ইউৰ তত্ত্বাৱধায়ক হিচাপে তেওঁ কৰ্মৰত আছিল অনিতা ডেকা।

আৰক্ষীসূত্রে জানিব পৰামতে, বৃহস্পতিবাৰে বিয়লি ৪ মান বজাত চিকিৎসালয়খনৰ মহিলা চিকিৎসা কর্মীসকলে পোছাক সলনি কৰা কোঠাত অনিতা ডেকাক সহকর্মীসকলে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে তেওঁক চিকিৎসা প্রদান কৰা হয় যদিও নাৰ্ছগৰাকীৰ পিছত মৃত্যু হয়। লগে লগে চিকিৎসালয়খনত হুৱাদুৱা লাগে। সুস্থ-সবল নাৰ্ছগৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই চিকিৎসালয়খনৰ আন কৰ্মীসকলে।

পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নাৰ্ছগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালক গতাই দিয়ে।

আৰক্ষীয়ে নাৰ্ছগৰাকীয়ে বিষপান কৰি আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা নাৰ্ছগৰাকীয়ে লিখি থৈ যোৱা আত্মহত্যাৰ এটা টোকাও উদ্ধাৰ কৰিছে।

চুইচাইড নোটৰ ভিত্তিতেই শনিবাৰে কামৰূপ আৰক্ষীয়ে আটক কৰে দুই গৰাকী নাৰ্ছ সহ এগৰাকী চিকিৎসক। আটক হোৱা নাৰ্ছ দুগৰাকী নিৱেদিতা নাথ আৰু ছেহনাজ আখটাৰ লগতে আটক হোৱা চিকিৎসক গৰাকী শোভনা ৰাও।

মৃত নাৰ্ছগৰাকীৰ প্ৰকৃত ঘৰ মিৰ্জাৰ ঝাৰোবৰী গাঁৱত যদিও তেওঁ গুৱাহাটীৰ ছয়মাইলৰ ভাড়াঘৰত আছিল।

৫১ বছৰীয়া নাৰ্ছাৰাকীৰ স্বামী হিতেশ ডেকাই আজি উত্তৰ গুৱাহাটী আৰক্ষী চকীত ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, আত্মহত্যাৰ টোকাত আৰিফা নামৰ আন এগৰাকী মহিলা চিকিৎসকৰ নামো আছে।

নাৰ্ছগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে সদৰী কৰিছে।