উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন! ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু, অসমৰো দুই পৰ্বতাৰোহীৰ মৃত্যুৰ খবৰ…

উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ।

হিমস্খলনৰ ঘটনাত আৱদ্ধ ৩০ৰো অধিক পৰ্বতাৰোহী।

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা।

‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়।

এই হিমস্খলনত ১০ জন পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

নিহত ১০ পৰ্বতাৰোহীৰ মাজত আছে অসমৰো দুই পৰ্বতাৰোহী।

এক সমৰ্থিত সূত্ৰ অনুসৰি অসমৰ দুই পৰ্বতাৰোহী ক্ৰমে ভাৰ্গৱ বৰা আৰু দীপশিখা বৰা।

image 37
উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন! ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু, অসমৰো দুই পৰ্বতাৰোহীৰ মৃত্যুৰ খবৰ... 2

ভাৰ্গৱ বৰাৰ ঘৰ যোৰহাটত আৰু দীপশিখা বৰাৰ ঘৰ গুৱাহাটীত।

আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১১জন পৰ্বতাৰোহী।

উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন।

প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতেই সংঘটিত হয় এই অঘটন।

১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত এই ভয়াৱহ হিমস্খলন।

সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট যোগে কয় যে, হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আইটিবিপিৰ জোৱানসকলে দ্ৰুতগতিত উদ্ধাৰ অভিযান চলাই আছে।

ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ বাবে দুখন চিতা হেলিকপ্টাৰ প্ৰেৰণ কৰিছে।