অসম

উকা কেনভাচক জীৱন্ত ৰূপ দিয়া শিল্পীগৰাকী আজি ভাগৰুৱা! বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ…

উকা কেনভাচক জীৱন্ত ৰূপ দিয়া শিল্পীগৰাকী আজি ভাগৰুৱা।

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা অসুস্থ।

GMCHৰ ICUত চিকিৎসাধীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী।

জানিব পৰা মতে, বিশেষজ্ঞ চিকিৎসকৰ দলে চলাইছে চিকিৎসা।

বিগত কেইবাদিন ধৰি নীলপৱন বৰুৱাই ভুগি আছে জ্বৰত।

বুধবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHত ভৰ্তি কৰোৱা হয় চিত্ৰশিল্পী বৰুৱাক।

বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে বিশিষ্ট শিল্পীগৰাকী।

image 167

বৃহস্পতিবাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাই জি এম চি এইচত উপস্থিত হৈ বিশিষ্টি চিত্ৰশিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

শিল্পী গৰাকীক চিকিৎসালয়ত গৈ খবৰ লোৱাৰ সময়ত মন্ত্ৰী বিমল বৰাৰ সৈতে জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষি দাস নাথ উপস্থিত আছিল।

জীৱনটোকেই এক শিল্পকৰ্মলৈ ৰূপান্তৰ কৰা আজন্ম শিল্পীগৰাকীৰ সৃষ্টি আৰু সৰলতা অসমবাসীৰ সদায় আদৰৰ।

ছবিৰ মাজেৰে জীৱন-সৌন্দৰ্যক প্ৰতিভাত কৰি তোলা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সকলোৱে কামনা কৰিছে আশু আৰোগ্য।