আৰ্থিক দীনতা! ৰে’লৰ আগত জঁপিয়াই জীৱন শেষ কৰিলে কৌতুক অভিনেতা হৰেশ্বৰ ডেকাই…

এক শোকাৱহ ঘটনা!

ৰে’লৰ আগত জঁপিয়াই জীৱন শেষ কৰিলে কৌতুক অভিনেতা হৰেশ্বৰ ডেকাই।

বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় শিল্পীজনৰ।

হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত।

আৰ্থিক দিনতাৰ বাবে শিল্পী গৰাকীয়ে ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই।

ঘটনা স্থলীত ৰেল আৰক্ষী আৰু নুনমাটি আৰক্ষী উপস্থিত হৈ শিল্পী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মঠঘৰিয়া অঞ্চলত।