অসম

আৰু কিমান দিনলৈ? দহদিনত নৱমবাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

প্ৰতিদিনে অনাকাংক্ষিত ভাৱে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই যোৱা ১০ দিনত ৯ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি অৰ্থাৎ বৃহস্পতিবাৰেও পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই।

আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৮৪ পইচাকৈ।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১০১.৬৭ টকা।

আনহাতে গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৮৭.৫৯ টকা।

ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৯৯ টকা। মাজুলীত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.১৩ টকা।

আনহাতে, অসমৰ ভিতৰত সৰ্বাধিক বৰপেটাৰোডত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৬.২৫ টকা।

ড‍বকাত আজি পেট্ৰ’লৰ দাম ১০২.৫৬ টকা, ডিজেলৰ ৮৮.৪৪ টকা।

উল্লেখ্য যে, যোৱা ১০ দিনত ৭ টকাতকৈও অধিক বাঢ়িল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য।

উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বাঢ়ি আছে পেট্ৰ’ল-ডিজেলৰ দাম। মাজতে ২৪ মাৰ্চত বৃদ্ধি পোৱা নাছিল পেট্ৰ’ল-ডিজেলৰ দাম।

দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০১.৮১ টকা।

উল্লেখ্যে যে বিগত প্ৰায় ৩ টা মাহত ইন্ধনৰ মূল্য অপৰিবৰ্তিত থকাৰ পাছত ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *