ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে কামৰূপ আৰক্ষীয়ে।
কামৰূপ আৰক্ষী আৰু নাৰ্কোটিক কণ্ট্ৰ’লছ ব্যুৰ (এন চি বি)ৰ যৌথ অভিযানত জব্দ প্ৰায় ১৬ কোটি টকা মূল্যৰ ড্ৰাগছ।
ডিমাপুৰৰ পৰা বৃহৎ পৰিমাণৰ মৰ্ফিন এখন জিপছিত কঢ়িয়াই নিয়া অৱস্থাতে জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। লগতে আটক কৰিবলৈ সক্ষম হয় দুজন সৰবৰাহকাৰীক।
#AssamAgainstDrugs
— Kamrup Police (@KamrupPolice) June 2, 2022
A team of Kamrup Police along with #NCB have made one of the biggest seizure of Morphene (16.77KGs) whose international price is about 16 Crores at Baihata Chariali.
(1/2)@himantabiswa @DGPAssamPolice @gpsinghips pic.twitter.com/c3m0oy8ZZW
জিপছিখনৰ দুৱাৰৰ ভিতৰত লুকুৱাই অনা ড্ৰাগছ সন্দৰ্ভত গোপন তথ্য লাভ কৰিছিল এন চি বিয়ে।
ইয়াৰ পিছতে অভিযান চলায় এ এছ ০১ এফ এ ৪৬১৭ নম্বৰৰ জিপছিখনৰ পৰা ১৬ কেজি মৰ্ফিন জব্দ কৰে।
ধৃত সৰবৰাহকাৰী দুজন হৈছে- বিহাৰৰ অনন্তজিৎ ৰায় আৰু বৰপেটাৰ নুৰ মহম্মদ।
দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে অভিযানকাৰী দলটোৱে জেৰা অব্যাহত ৰাখিছে।
কামৰূপ আৰক্ষীয়ে সদৰি কৰা মতে ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১৬ কোটিৰো অধিক।









