আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাপসহ পলাল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম…

অসম আৰক্ষীৰ দায়িত্বহীন কাণ্ড।

আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাপসহ পলাল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম ওৰফে জিতু তালুকদাৰ।

বৃহস্পতিবাৰে নিশা তদন্তৰ বাবে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক লগত লৈ সাতগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাইছিল।

পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত অভিযান চলোৱাৰ সময়তে চেগ বুজি জিম্মাৰ পৰা পলায়ন পৰে শ্বাহ আলমে।

পলাতক শ্বাহ আলমৰ সন্ধানত সাতগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে।

কিন্তু এইপৰ্যন্ত জালত পৰা নাই অপৰাধীজন।

এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।