আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত গৃহৰক্ষী জোৱানে ল’লে চৰম সিদ্ধান্ত, পিষ্টলেৰে গুলীয়ালে মূৰত

এগৰাকী গৃহৰক্ষী জোৱানে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত পিষ্টলেৰে মূৰত গুলীয়াই কৰিলে আত্মহত্যা।

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা জোৱানজন ৰণ্টু মেধি বুলি চিনাক্ত কৰা হৈছে।

কৰ্তব্যৰ বাবে বিগত পাঁচ মাহৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিৰাপত্তা দায়িত্ব আছিল ৰণ্টু।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদৰ বেৰেকত আছিল ৰন্টু মেধি সহ অন্য কেইবাজনো জোৱান। ৩ নত ৩ ৰাইফলেৰে মূৰত গুলিয়াই আত্মহত্যা গৃহৰক্ষী জোৱান জনৰ। মৃত ৰন্টু মেধিৰ ঘৰ কাহিবাড়িত।

পোন্ধৰ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰন্টুৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নত কন্যা সন্তান আছে।

দিনৰ ১১:৩০ মান বজাত নিজৰ ছাৰ্ভিচ বন্ধুকেৰে মূৰত গুলিয়াই আত্মহত্যা কৰা ৰন্টু মেধিৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈ উদ্ঘাটন কৰিব পৰা নাই যদিও নিজ কন্যাক লৈ মাতৃ গৃহত থকা পত্নীৰ সৈতে কিছু পৰিমাণৰ পাৰিবাৰিক সংঘাত থকা বুলি ভাতৃয়ে মন্তব্য কৰিছে।