অসম

আৰক্ষীৰ বৃহৎ সফলতা! ৰাষ্ট্ৰীয় ঘাইপথত তালাচীত জব্দ কোটি টকাৰ গাঞ্জা…

আৰক্ষীৰ বৃহৎ সফলতা, ৰাষ্ট্ৰীয় ঘাইপথত তালাচীত জব্দ কোটি টকাৰ গাঞ্জা।

গোসাইগাঁওৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত নিশা শিমূলটাপু আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ট্ৰাক আটক কৰে।

ট্ৰাকখনত তালাচী চলাই প্ৰায় ২/৩ কোটি টকাৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখনৰ নম্বৰ NL01 – 8878 ।

ইতিমধ্যে ট্ৰাকৰ চালক সঞ্জীৱ কুমাৰ ৰায়ক আটক কৰে আৰক্ষীয়ে।

শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত চলিছিল এই অভিযান।

ব্যবসায়ীয়ে ট্ৰাকখনৰ ওপৰত থকা তিৰপালৰ ভিতৰত লুকাই আনিছিল ৭২ টা গাঞ্জাৰ পেকেট।

মুঠ ৭০০ কেজি গাঞ্জা আছিল পেকেট কেইটাত।

উক্ত গাঞ্জাসমূহ শ্বিলঙৰ পৰা বিহাৰ লৈ গৈ আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *