অসমঅসমীয়া

আৰক্ষীৰ তালাচীত জব্দ ৪ কােটি টকা মূল্যৰ ৮ কিলােগ্ৰাম সােণ

নিউজ ডেস্ক। অসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য।

কাৰ্বি আংলঙৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ চােৰাং সোণ।

শনিবাৰে সন্ধিয়া বোকাজানৰ ডীলাই আৰক্ষীৰ নাকা তালাচীত জব্দ হয় প্রায় ৮ কিলোগ্ৰাম সোণ।

জব্দকৃৎ সােণখিনিৰ মূল্য প্ৰায় ৪ কােটি টকা বুলি অনুমান কৰা হৈছে।

জানিব পৰা মতে, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন মালবাহী ট্ৰাকৰ ইঞ্জিনৰ কাষতে গােপন কক্ষত লুকুৱাই অনা হৈছিল এই সােণখিনি।

ঘটনা সংক্ৰান্তত মণিপুৰৰ প্ৰকাশ সুভাষ আৰু প্ৰকাশ বাচনেত নামৰ দুজন লােকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই সফল অভিযানৰ বাবে অসম আৰক্ষীক প্ৰশংসা কৰিছে।

লগতে চাওকঃ

প্ৰাক্তন প্ৰেয়সীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ যুৱক

Leave a Reply

Your email address will not be published. Required fields are marked *