আৰক্ষীৰ জালত KLOত যোগদান কৰিবলৈ যোৱা ৬ যুৱক…

KLOত যোগদান কৰিবলৈ যোৱা ৬ যুৱকক আটক।

নাগালেণ্ডৰ মন জিলাৰ পৰা আটক কৰা হৈছে যুৱককেইজনক।

অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীয়ে আটক কৰি কোকৰাঝাৰলৈ আনে ৬ যুৱকক।

আটকাধীন যুৱককেইজন অপন বৰ্মন, তাপছ ৰায়, মনোজ ৰায়, বিষ্ণু বৰ্মন, বিপ্লৱ ৰায় আৰু বিশ্বজিৎ ৰায়।

সম্প্ৰতি আটকাধীন যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে।