অসম

আৰক্ষীৰ জালত মুন্না ভাই MBBS, পশ্চিম বংগৰ পৰা আহি দীৰ্ঘদিনে চলাই আহিছিল ভুৱা চিকিৎসা…

বৰপেটাৰোডত ওলাইছে মুন্না ভাই এম বি বি এছ।

পশ্চিম বংগৰ পৰা আহি বৰপেটাত দীৰ্ঘদিনে ভুৱা চিকিৎসা চলাই আহিছিল সমীৰ কুমাৰ ৰয় নামৰ এজনে।

ইতিমধ্যে ভুল চিকিৎসাৰ ফলত বহু মহিলাই গৰ্ভধাৰণ ক্ষমতা হেৰুওৱাৰ অভিযোগ উত্থাপন হৈছে।

পশ্চিমবঙ্গৰ মালদহ জিলাৰ আলিপুৰ গাঁৱৰ সমীৰ কুমাৰ ৰয়ে বৰপেটাৰোডৰ এগৰাকী মহিলাক বিয়া পাতি স্থায়ীভাৱে জাখলিৰপাৰত বসবাস কৰি চিকিৎসক হিচাপে আগবঢ়াই আহিছিল চিকিৎসা।

বৰপেটাৰোডৰ সমীপৰ জাখলিৰপাৰত এখন ফাৰ্মাচী খুলি নিজকে স্ত্ৰীৰোগ আৰু মেডিচিন বিশেষজ্ঞ ডা° এছ কে ৰয় বুলি এখন চাইনবোৰ্ড আৰি দীৰ্ঘ দিনৰে পৰাই কৰি আহিছিল ভুৱা চিকিৎসা।

অভিযোগ অনুসৰি সমীৰ কুমাৰ ৰয়ে কেবাজনো মহিলাৰ গৰ্ভত থকা ভ্ৰূণ ভুল চিকিৎসাৰ জৰিয়তে নষ্ট কৰি পেলোৱাৰ লগতে আন কেইজনমান মহিলাক কৰা ভুল চিকিৎসাৰ ফলত অনাগত দিনত গৰ্ভধাৰণ কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে আৰক্ষীয়ে মুন্না ভাই এম বি বি এছ সমীৰ কুমাৰ ৰয়ক কৰায়ত্ত কৰি সোমবাৰে জেললৈ প্ৰেৰণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *