আৰক্ষীৰ জালত বৃহৎ চাইবাৰ অপৰাধী চক্ৰ
মৰিগাঁৱ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে বৃহৎ চাইবাৰ অপৰাধী চক্ৰ।
১০ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ।
মৰিগাঁৱৰ ভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১০ প্ৰৱঞ্চকক।
গ্ৰেপ্তাৰ মুচফিকুল ৰহমান, ৰিজাবুল ইছলাম, বাহাৰম বাদশ্বাহ, ইচাদুল ইছলাম, মাহাদুজ হুছেইন, মতিউৰ ৰহমান, ৰকিবুল হুছেইন, ৰিবুল ইছলাম, ৰেকিবুদ্দিন, চমিন উদ্দিন আহমেদ।
লগতে আৰক্ষীয়ে জব্দ কৰে ৪০০ৰো অধিক মোবাইল ফোনৰ ছীম কাৰ্ড, দুটা লেপটপ।
জব্দ কৰিছে ৩০টাকৈ ভুৱা ছীল, ৩০খন বেংকৰ পাছবুক, চেক বুক।
বুজন পৰিমাণৰ ATM, পান কাৰ্ড, আধাৰ কাৰ্ড জব্দ আৰক্ষীৰ।









