আৰক্ষীৰ জালত কুখ্যাত চোৰ গেঞ্জী! দীৰ্ঘদিনে চুৰি কাৰ্যৰে চলাই আহিছিল সন্ত্ৰাস…

অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰ গেঞ্জী।

হাজো আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কুখ্যাত চোৰ গেঞ্জীয়ে।

হাজোৰ সাতদলা গাঁৱৰ জয়ন্ত মালাকৰ নামৰ লোকজনৰ ঘৰত চুৰি কৰিবলৈ আহি হাতেলোতে ধৰা পৰিল চোৰ অসীম মালাকৰ ওৰফে গেঞ্জী।

পূৰ্বেও বহুবাৰ লোকজনৰ ঘৰত গেঞ্জীয়ে চুৰিকাৰ্য সংঘটিত কৰিছিল, আৰু এই চুৰিকাৰ্যৰ দৃশ্য বন্দী হৈছিল চিচি টিভিৰ কেমেৰাত।

তাৰ পিছতে জয়ন্ত মালাকৰে হাজো আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

কেৱল জয়ন্ত মালাকৰৰ ঘৰতেই নহয়, দীৰ্ঘদিনৰ ধৰি কুখ্যাত গেঞ্জীয়ে সাতদলাৰ লগতে চুবুৰীয়া অঞ্চলসমূহত লোকৰ বাৰীৰ পাছফালে থকা তামোল, নাৰিকল, পুখুৰীৰ মাছ, গড়ালৰ হাঁহৰ লগতে বিভিন্ন বাহনৰ বেটাৰী চুৰি কৰি সন্ত্ৰাস চলাই আহিছিল।

অৱশেষত মঙলবাৰে হাজো আৰক্ষীৰ জালত পৰে গেঞ্জী।